নিউজ ডেস্ক, ৫ জানুৱাৰীঃ গুৱাহাটী মহানগৰীত সংস্থাপন কৰা হ’ব ১লাখ CCTV কেমেৰা। গুৱাহাটী মহানগৰত অপৰাধ নিয়ন্ত্ৰণৰ বাবে প্ৰণয়ন হ’ব নতুন আইন।
মহানগৰীত বৃদ্ধি পোৱা অপৰাধ ৰুধিবলৈ তৎপৰ চৰকাৰ-প্ৰশাসন। ৫জনতকৈ বেছি কৰ্মচাৰী থকা দোকানত লগাব লাগিব CCTV । নিজা খৰচত চৰকাৰী নিৰ্দেশনা অনুযায়ী লগাব লাগিব CCTV । চৰকাৰী বিভাগীয় কাৰ্যালয়তো লগাব লাগিব CCTV। বিভাগীয় খৰচেৰে চৰকাৰী নিৰ্দেশনা অনুযায়ী লগাব লাগিব CCTV। প্ৰতিটো CCTV ৩ মাহৰ STORAGE ক্ষমতা থাকিব লাগিব ।
২০২৩ৰ ডিচেম্বৰ পৰ্যন্ত মহানগৰীত ১ লাখৰো অধিক CCTV সংস্থাপনৰ লক্ষ্য। অৱশ্যে আৱাস গৃহসমূহৰ বাবে CCTV সংলগ্নত নাথাকে বাধ্যবাধকতা । এপ্ৰিলৰ পৰা বলৱৎ হ’ব এই আইন।