Daily Time Axom

লামডিং ৰে’ল ষ্টেচনত হৃদয়বিদাৰক ঘটনা, প্ৰচণ্ড শীতত মৃত্যুক সাৱটিলে ২ মগনীয়াই

46

নিউজ ডেস্ক, ৫ জানুৱাৰীঃ লামডিং ৰে’লৱে ষ্টেচনত এক হৃদয় বিদাৰক ঘটনা। ষ্টেচনত দুটাকৈ অচিনাক্ত মৃতদেহ উদ্ধাৰ ৷ জানিব পৰা মতে, জংচনৰ প্লেট ফৰ্ম নম্বৰ ১ ত জি আৰ পিৰ এটা দলে তহল দি থকাৰ সময়তে এগৰাকী ৪৫ বছৰীয়া মহিলা আৰু এজন ৫০ বছৰীয়া লোক দুজনক শুই থকা অৱস্থাত দেখে ৷

পৰৱৰ্তী সময়ত ভালদৰে দুয়োকে প্ৰত্যক্ষ কৰাত প্ৰচণ্ড শীতৰ প্ৰকোপট লোক দুজনৰ কৰুণ মৃত্যু হয় ৷ ৰে’ল আৰক্ষীয়ে জনোৱা অনুসৰি দুয়ো লামডিঙ জংচনৰ ভিতৰতে বিগত বহু দিন ধৰি মগনিয়া হিচাপে আছিল ৷

ঠাণ্ডা সহ্য কৰিব নোৱাৰি আজি দুয়োৰে মৃত্যু ঘটে বুলি জনায় ৷ ৰে’ল আৰক্ষী দুয়োৰে মৃতদেহ উদ্ধাৰ কৰি ডিফু অসামৰিক চিকিৎসালয়লৈ মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷

Comments are closed, but trackbacks and pingbacks are open.