Daily Time Axom

মহানগৰীৰ পল্টনবজাৰত বিধ্বংসী অগ্নিকাণ্ড, জাহ গ’ল ব্যৱসায়িক প্ৰতিষ্ঠান

34

নিউজ ডেস্ক, ৫ জানুৱাৰীঃ পল্টন বজাৰত বিধ্বংসী অগ্নিকাণ্ড। জৈন পথত সংঘটিত হৈছে এই অগ্নিকাণ্ড। জুইৰ ক’লা ধোঁৱাই ছানি ধৰে সমগ্ৰ অঞ্চল। অগ্নিকাণ্ডত জাহ যায় ৬খনকৈ দোকান। ভস্মীভূত হয় বহুলাখ টকাৰ সা-সম্পত্তি। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপণ কৰে জুই।

অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ পৰা ৰক্ষা পৰে। আনহাতে অগ্নিকাণ্ডত কোনো লোকৰ হতাহতিৰ খবৰ অহা নাই।

Comments are closed, but trackbacks and pingbacks are open.