নিউজ ডেস্ক, ৫ জানুৱাৰীঃ পল্টন বজাৰত বিধ্বংসী অগ্নিকাণ্ড। জৈন পথত সংঘটিত হৈছে এই অগ্নিকাণ্ড। জুইৰ ক’লা ধোঁৱাই ছানি ধৰে সমগ্ৰ অঞ্চল। অগ্নিকাণ্ডত জাহ যায় ৬খনকৈ দোকান। ভস্মীভূত হয় বহুলাখ টকাৰ সা-সম্পত্তি। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপণ কৰে জুই।
অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ পৰা ৰক্ষা পৰে। আনহাতে অগ্নিকাণ্ডত কোনো লোকৰ হতাহতিৰ খবৰ অহা নাই।