Daily Time Axom

কাৰাগাৰৰ পৰা উদ্ধাৰ ১১৭টা মোবাইল ফোন, চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে ৫জন আৰক্ষী বিষয়াক

0 26

দিল্লীৰ মণ্ডোলী কাৰাগাৰত উদ্ধাৰ হৈছে ১১৭টা মোবাইল ফোন।

ইয়াৰ পিছতে দিল্লী আৰক্ষীয়ে জেলৰ পাঁচজন আৰক্ষী বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ নিৰ্দেশ দিছে।

জানিব পৰা মতে, জেলৰ উপ অধীক্ষক প্ৰদীপ শৰ্মা, উপ অধীক্ষক ধৰ্মেন্দ্ৰ মৌৰ্য, সহকাৰী অধীক্ষক ছানী চন্দ্ৰ, প্ৰধান ৱাৰ্ডাৰ লোকেশ ধমা আৰু ৱাৰ্ডাৰ হন্সৰাজ মীনাক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে।

বিশেষ তদন্ত আয়োগ গঠন কৰাৰ পিছত শ্ৰমিকসকলে মণ্ডোলী কাৰাগাৰৰ পৰা উদ্ধাৰ কৰে ১১৭টা ফোন। বৰ্তমান কাৰাগাৰ বিভাগৰ আই পি এছ সঞ্জয় বানিৱালৰ নেতৃত্বত বিভিন্ন কাৰাগাৰত তালাচী চলাই আছে।

জনা যায় যে এই সিদ্ধান্ত এই কাৰণেই লোৱা হৈছে যাতে কোনো কাৰাগাৰত বন্দীসকলে নিষিদ্ধ সামগ্ৰী ব্যৱহাৰ কৰিব নোৱাৰে। আগলৈ এনেধৰণৰ আৰু অধিক অভিযান চলোৱা হ’ব বুলি জনা গৈছে।

Leave A Reply

Your email address will not be published.