নিউজ ডেস্ক, ৬ জানুৱাৰীঃ মহানগৰীত পুনৰ এটিএমৰ পৰা ধন আত্মসাতৰ ঘটনা সংঘটিত হৈছে। উজানবজাৰৰ এটা এটিএমত এগৰাকী অৱসৰপ্ৰাপ্ত চিকিৎসকৰ পৰা দুৰ্বৃত্তই কৌশলেৰে বৃহৎ পৰিমানৰ ধন লুটি নিয়ে।
ডাঃ প্ৰসেনজিত বৰা নামৰ এজন ব্যক্তিৰ পৰা দুৰ্বৃত্তই ১ লাখ ১২ হাজাৰ টকা কাঢ়ি নিয়ে।
উল্লেখ্যে যে, প্ৰথমে এটিএম কাৰ্ডেৰে চিকিৎসকজনে তিনি হাজাৰ টকা উলিয়াইছিল। পৰবৰ্তী সময়ত কাৰ্ডখন এটিএম মেচিনৰ পৰা ওলাই নহাত সমীপতে থকা বেংকটোত সুধিবলৈ যাওঁতেই কোনো দুৰ্বৃত্তই সেই কাৰ্ডখনেৰে ধন উলিয়াই নিয়ে।
চিকিৎসক প্ৰসেনজিত বৰাই ঘটনা সন্দৰ্ভত লতাশিল থানাত এখন এজাহাৰ দাখিল কৰিছে। আনহাতে, অভিযোগ দাখিল কৰাৰ পিছতো সঁহাৰি নোপোৱাৰ অভিযোগ ভুক্তভোগী চিকিৎসকজনৰ।
Comments are closed, but trackbacks and pingbacks are open.