নিউজ ডেস্ক, ৬ জানুৱাৰীঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ত্ৰিপুৰাত ঘোষণা কৰিলে অযোধ্যাত নিৰ্মাণ হৈ থকা ৰাম মন্দিৰ কেতিয়া মুকলিৰ বাবে সাজু হ’ব। শ্বাহে কয় যে ২০২৪ চনৰ ১ জানুৱাৰীৰ ভিতৰত ৰাম মন্দিৰ সাজু হ’ব। ত্ৰিপুৰাত নিৰ্বাচনী সমাৱেশৰ সময়ত গৃহমন্ত্ৰীয়ে প্ৰকাশ কৰিছে ৰাম মন্দিৰ নিৰ্মাণৰ তাৰিখ।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২০ চনৰ ৫ আগষ্টত অযোধ্যাৰ ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰিছিল |২০১৯ চনত, উচ্চতম ন্যায়ালয়ে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ পথ মুকলি কৰিছিল | মন্দিৰ নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰাৰ লগে লগে ৰাম মন্দিৰৰ বাবে বিজেপিৰ আন্দোলন ফলপ্ৰসূ হয় |