নিউজ ডেস্ক, ৭ জানুৱাৰীঃ BPFৰ প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীক গ্ৰেপ্তাৰ। ঘৰত অবৈধ অস্ত্ৰ মজুত ৰখাৰ অপৰাধত গ্ৰেপ্তাৰ বসুমতাৰীক। প্ৰাক্তন বিধায়কজনৰ ঘৰৰ পৰা উদ্ধাৰ AK47, M16 ৰাইফল। কোকৰাঝাৰ সদৰ থানাত জেৰা প্ৰাক্তন BPFবিধায়কগৰাকীক। চাপাগুৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীক গ্ৰেপ্তাৰ।
কোকৰাঝাৰত আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ আন দুজনকো। গ্ৰেপ্তাৰ হোৱা দুজন দাওৰাও দেফ্ৰেৱ নাৰ্জাৰী আৰু বিক্ৰম দৈমাৰী। নাৰ্জাৰী বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ কাৰ্যকৰী সভাপতি আৰু দৈমাৰী বড়োলেণ্ড ঠিকাদাৰ সন্থাৰ সাধাৰণ সম্পাদক।