নিউজ ডেস্ক, ৭ জানুৱাৰীঃ প্ৰাক্তন মন্ত্ৰী ডাঃ নজৰুল ইছলামৰ দেহাৱসান। হেল্থ চিটী চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ। দীৰ্ঘদিন ধৰি অসুস্থতাত ভুগি আছিল লাহৰীঘাটৰ প্ৰাক্তন বিধায়কজনে। আজি দুপৰীয়া চিকিৎসাধীন অৱস্থাতে মৃত্যু নজৰুল ইছলামৰ। নগাঁৱত সম্পন্ন হ’ব ডাঃ নজৰুল ইছলামৰ জানাজা।
কংগ্ৰেছৰ কাৰ্যকালত কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত আছিল মন্ত্ৰীজন। ৫ বাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা নজৰুল ইছলাম আছিল তিনিবাৰৰ কেবিনেট মন্ত্ৰী। লাহৰীঘাট সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ডাঃ নজৰুল ইছলাম।
Comments are closed, but trackbacks and pingbacks are open.