এটা মেকুৰীৰ বেমাৰ,অস্ত্ৰোপচাৰত কৰি আচৰিত হ’ল চিকিৎসক

আমি সকলোৱে জানো যে মেকুৰীৰ প্ৰিয় খাদ্য মাছ।

কিন্তু মাছৰ উপৰিও বাঘৰ মাহীৰ প্ৰিয় খাদ্য তালিকাত আছে ‘ৰবৰ বেণ্ড’!

আচৰিত হ’ব ? দক্ষিণ কেৰ’লিনাত এনেকুৱাই হৈছে।

পাঁচৰ পৰা দহটা নহয়, ৩৮ ডাল চুলিৰ বেণ্ড এটা মেকুৰীৰ পেটত উলাইছে ।
ঘটনা মতে মেকুৰীটো এদিন অসুস্থ হৈ পৰে। এজন পথচাৰীয়ে বিভ্ৰান্ত মেকুৰীটোক লৈ গৈছিল চাৰ্লছটন এনিমেল ছ’চাইটিলৈ। তাত কৰা স্কেনত তাৰ পেটত এটা থোপা থকা দেখা গ’ল।

পশু চিকিৎসালয়খনৰ চিকিৎসকগৰাকীয়ে কয় যে তেওঁৰ কেৰিয়াৰত এনে ঘটনা কেতিয়াও দেখা নাই।

মেকুৰীটোৰ পেটৰ ভিতৰৰ পৰা চুলি বন্ধা ‘ৰবৰ বেণ্ড’ৰ এটা ছেট উদ্ধাৰ কৰা হৈছে। মেকুৰীটোৰ পেটত মুঠ ৩৮ডাল চুলিৰ বেণ্ড পোৱা যায়। বেণ্ডবোৰ কোমল হোৱাৰ বাবে মেকুৰীৰ খাদ্যনলীৰ কোনো ক্ষতি নহ’ল, কিন্তু ইমান দিনে পেটত থকা বাবে বিষক্ৰিয়া হয়। যাৰ প্ৰভাৱ মেকুৰীটোৰ যকৃতত পৰে। চিকিৎসকে এতিয়া মেকুৰীটোৰ লিভাৰটো সুস্থ কৰাৰ চেষ্টা চলাইছে।

AssambollywoodDaily time axomDeathGuwahatiIndiaInternationalNew Delhipolitics
Comments (0)
Add Comment