গুৱাহাটী বিমানবন্দৰত ‘মৃত’ শ্বীনা বৰাক দেখা গ’ল ! ইন্দ্ৰাণী মুখাৰ্জীৰ বিস্ফোৰক দাবী

২০১২ চনৰ শ্বীনা বৰা হত্যাকাণ্ডৰ চাঞ্চল্যকৰ মোড়। ইন্দ্ৰাণী মুখোপাধ্যায়ৰ দাবী যে তেওঁৰ কন্যা শ্বীনা বৰা জীয়াই আছে। গুৱাহাটী বিমানবন্দৰত শ্বীনা বৰাক থিয় হৈ থকা দেখা গৈছিল। যোৱা মাহত চিবিআইলৈ লিখা এখন পত্ৰত ইন্দ্ৰানীয়ে এনে বিস্ফোৰক দাবী উত্থাপন কৰিছিল।

তেওঁ পুনৰ একে দাবী কৰি বিমানবন্দৰৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰিবলৈ চিবিআইৰ বিশেষ আদালতলৈ তেওঁৰ অনুৰোধ।

সম্প্ৰতি জামিনত আছে ইন্দ্ৰানী। এনে পৰিস্থিতিত তেওঁ আদালতত আবেদন দাখিল কৰে। তেওঁৰ অধিবক্তাসকলেও সেই কথা সমৰ্থন কৰিছিল।

ইন্দ্ৰানীয়ে দাবী কৰা মতে, বৃহস্পতিবাৰে পুৱা বিমানবন্দৰত থিয় হৈ থকা এগৰাকী যুৱতীক দেখা গৈছিল, যিগৰাকীক হুবহু শ্বীনাৰ দৰে দেখা গৈছিল। ইন্দ্ৰানীৰ এই আবেদনৰ প্ৰতি সঁহাৰি জনাই আদালতে চিবিআইক বিষয়টো চোৱাচিতা কৰিবলৈ নিৰ্দেশ দিয়ে।

মন কৰিব যে ইয়াৰ আগতে ইন্দ্ৰাণীয়ে দাবী কৰিছিল যে তেওঁ কন্যা শ্বীনাক কাশ্মীৰত দেখা পাইছিল। লগতে তেওঁ চিবিআইক কাশ্মীৰলৈ গৈ শ্বীনাক বিচাৰি উলিয়াবলৈ অনুৰোধ জনায়। তেওঁ পুনৰ একে দাবী কৰা দেখা গ’ল। যাৰ চাৰিওফালে চাঞ্চল্যৰ সৃষ্টি হৈছে।

ইন্দ্ৰাণী মুখাৰ্জীৰ এই দাবীৰ যদি কিবা সত্যতা আছে তেন্তে শ্বীনা বৰা হত্যাকাণ্ড ভাৰতৰ ইতিহাসৰ অন্যতম চাঞ্চল্যকৰ গোচৰ হ’ব।

প্ৰসংগক্ৰমে ২০১২ চনত শ্বীনা বৰা হত্যাকাণ্ডই সমগ্ৰ দেশ জোঁকাৰি গৈছিল। অভিযোগ অনুসৰি, সেই বছৰৰ ২৪ এপ্ৰিলত এখন গাড়ীত ডিঙি চেপি হত্যা কৰা হৈছিল এগৰাকী ২৫ বছৰীয়া মহিলাক। শ্বীনা বৰা ইন্দ্ৰাণী মুখোপাধ্যায় আৰু তেওঁৰ সংগী সিদ্ধাৰ্থ দাসৰ কন্যা আছিল। প্ৰাক্তন স্বামী সঞ্জীৱ খান্না আৰু চালক শ্যাম ৰায়ৰ সহায়ত ইন্দ্ৰানীয়ে শ্বীনাৰ মৃতদেহ দাহ কৰি মুম্বাইৰ পৰা অলপ দূৰৈৰ ৰায়গড়ৰ নিৰ্জন অৰণ্যত পুতি থৈছিল।

AssambollywoodDaily time axomDeathGuwahatiIndiaInternationalpoliticsWorld
Comments (0)
Add Comment