পশ্চিম ম্যানমাৰৰ ইয়াংগনৰ এখন কাৰাগাৰত আভ্যন্তৰীণ যুদ্ধত এজন কয়দীৰ মৃত্যু।
আহত লোকৰ সংখ্যা ৬০ জনতকৈ অধিক। এই তথ্য শনিবাৰে ম্যানমাৰ সেনাই প্ৰকাশ কৰে। জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা কাৰাগাৰৰ চকীদাৰে এজন কয়দীৰ পৰা এটা মোবাইল ফোন জব্দ কৰে। তেওঁৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হয়। অলপ পিছতে পাথেইনৰ কাৰাগাৰত যুদ্ধ আৰম্ভ হয়।
শুকুৰবাৰে পুৱা প্ৰায় ৭০ জন কয়দী নিজৰ কোঠাৰ পৰা পলায়ন কৰে।
ম্যানমাৰৰ সেনাই কয় যে বন্দীসকলে নিৰাপত্তা বাহিনীক লাঠি, ইটা আৰু চিমেণ্টৰ টুকুৰাৰে আক্ৰমণ কৰে। কৰ্তৃপক্ষই পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছিল যদিও ব্যৰ্থ হয়। সূত্ৰ অনুসৰি ১ জন কয়দী আৰু ২ জন আৰক্ষী জোৱানৰ মৃত্যু হৈছে। আহত হৈছে ৯ জন গাৰ্ডকে ধৰি ৬৩ জন কয়দী। ঘটনাৰ তদন্ত অব্যাহত আছে।