Daily Time Axom

ঘন কুঁৱলীৰ বাবেই দিল্লীত বাতিল ২৬৭ খন ট্ৰেইনৰ চলাচল

33

নিউজ ডেস্ক, ৯ জানুৱাৰীঃ দিল্লী আৰু উত্তৰ ভাৰতৰ অঞ্চলসমূহত ঘন কুঁৱলীৰ পৰিস্থিতিয়ে আজি দৃশ্যমানতা নূন্যতমলৈ হ্ৰাস হোৱাৰ ফলত ১৫০খনতকৈও অধিক ঘৰুৱা বিমান সেৱাত বিলম্ব ঘটিছে আৰু ২৬৭ খন ৰে’ল বাতিল কৰিবলগীয়া হৈছে।

ৰাজধানীৰ কেইবাটাও অঞ্চলত আজি পুৱাৰ ভাগত দৃশ্যমানতা ২৫ মিটাৰলৈ হ্ৰাস পাইছে। পুৱাৰ ভাগত দিল্লী বিমানবন্দৰৰ কৰ্তৃপক্ষই কুঁৱলীৰ সতৰ্কবাণী জাৰি কৰি কয় যে কম দৃশ্যমানতাৰ পদ্ধতি চলি আছে।

কুঁৱলী আৰু অন্যান্য পৰিস্থিতিৰ বাবে আজি মুঠ ২৬৭খন ৰে’ল বাতিল কৰা হয়। পুৱা ১১ বজালৈকে মুঠ ১৭০খন ৰে’ল পলমকৈ চলি আছিল আৰু ১৭০খন ৰে’লৰ ভিতৰত ৯১খন ৰে’ল বতৰৰ বাবে পলমকৈ চলিছিল।

Comments are closed, but trackbacks and pingbacks are open.