নিউজ ডেস্ক, ৯ জানুৱাৰীঃ আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱেত ভয়ংকৰ বাছ দুৰ্ঘটনা। ঘন কুঁৱলীৰ বাবে আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱে পৰা চুলতানপুৰ অভিমুখী বাছখন পিপ্ৰাউলি গাঁৱত বাগৰি পৰে। এই দুৰ্ঘটনাত তিনিজন যাত্ৰী নিহত হোৱাৰ লগতে আন ১৮ জন আহত হয়।
থাটিয়া আৰক্ষী থানাৰ এছএইচঅ’ কমল ভাটিয়ে জানিবলৈ দিয়া মতে, ৩০ জন যাত্ৰী কঢ়িয়াই অনা বাছখন দিল্লীৰ আনন্দ বিহাৰৰ পৰা আহি আছিল।
মৃত লোকসকল ৰায়বৰেলী জিলাৰ অনিতা বাজপাই (৫০), সঞ্জনা (২৫) আৰু দেৱেশ্বৰ (১১) বুলি চিনাক্ত কৰা হৈছে । আহত যাত্ৰীসকলক তিৰৱাৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে।
মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে শোক প্ৰকাশ কৰে আৰু জিলা দণ্ডাধীশ আৰু জ্যেষ্ঠ আৰক্ষী বিষয়াসকলক আহতসকলক সঠিক চিকিৎসা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে।