ভয়ংকৰ দুৰ্ঘটনাত পতিত মহেন্দ্ৰ হাজৰিকাৰ বাহন, গুৰুতৰভাবে আহত কণ্ঠশিল্পীগৰাকী

নিউজ ডেস্ক, ৯ জানুৱাৰীঃ দুৰ্ঘটনাত পতিত কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা। শিৱসাগৰৰ দিখৌ দলঙত দুৰ্ঘটনাগ্ৰস্ত কণ্ঠশিল্পীগৰাকীৰ বাহন। দলঙৰ কাষৰ এজোপা গছত খুন্দিয়াই বাহনখনে। দুৰ্ঘটনাত আহত কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা।

জয়সাগৰৰ পৰা শিৱসাগৰ অভিমুখে আহি থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা। এজোপা গছত বাহনখনে খুন্দা মৰাত আহত হয় শিল্পীগৰাকী। আঘাতপ্ৰাপ্ত শিল্পীগৰাকীক ততাতৈয়াকৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

AccidentAssamAssamese SingerDaily time axomIndiaInjuredMahendra HazarikaSivasagar