নিউজ ডেস্ক, ১১ জানুৱাৰীঃ গুৱাহাটীত অতি শীঘ্ৰেই চৰকাৰীভাৱে লগোৱা হ’ব ২০০০ চিচিটিভি কেমেৰা।
আজি আৰক্ষীৰ মুখ্য কাৰ্যালয়ত হাউছিং আৰু আৰবান বিভাগৰে হোৱা এই বৈঠকত এই সিদ্ধান্ত লয়। বৈঠকত মুখ্যমন্ত্ৰীকে ধৰি গুৱাহটীৰ উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংহালো উপস্থিত থাকে।
কেৱল অপৰাধ নিয়ন্ত্ৰণেই নহয় নিৰ্দিষ্ট স্থানত জাবৰ নেপেলোৱা লোকো বন্দী হ’ব CCTV কেমেৰাত। আনহাতে, ৫জনতকৈ অধিক কৰ্মচাৰী থকা প্ৰতিষ্ঠানেও চিচিটিভি কেমেৰা লগোৱাটো বাধ্যতামূলক।
মহানগৰীত ষ্ট্ৰিট লাইট সন্দৰ্ভতো মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। ৫০-৫৫ কোটি টকাৰ নিবিদা মুকলি কৰিব ষ্ট্ৰিট লাইট সংযোজনৰ ক্ষেত্ৰত।