Daily Time Axom

দাক্ষিণাত্যৰ চলচ্চিত্ৰ আৰআৰআৰ ছবিখনৰ গীত ‘নাটু নাটু’ৰ বাবে ‘গোল্ডেন গ্ল’ব ২০২৩’ শ্ৰেষ্ঠ গীতৰ বঁটা

38

নিউজ ডেস্ক, ১১ জানুৱাৰীঃ গোল্ডেন গ্ল’ব এৱাৰ্ডছ ২০২৩’ বঁটা প্ৰদান অনুষ্ঠানত ইতিহাস ৰচিলে দক্ষিণ ভাৰতৰ ছবি আৰ আৰ আৰে। ছবিখনৰ তেলেগু গীত ‘নাটু নাটু’ই শ্ৰেষ্ঠ গীতৰ বঁটা লাভ কৰে।

প্ৰতি বছৰৰ দৰে এইবাৰো বিশ্বৰ আটাইতকৈ জনপ্ৰিয় এৱাৰ্ড শ্ব’ ‘গোল্ডেন গ্ল’ব এৱাৰ্ডছ ২০২৩’ত বহু ছবিয়ে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছিল।

ভাৰতৰ পৰা দাক্ষিণাত্যৰ চিনেমাৰ ব্লকবাষ্টাৰ ছবি আৰ আৰ আৰও ‘গোল্ডেন গ্ল’ব এৱাৰ্ডছ ২০২৩’ৰ বাবে মনোনয়ন লাভ কৰিছিল। সকলোৱে ভাৰতীয় সাজ-পোছাকত উপস্থিত হয় ‘গোল্ডেন গ্ল’ব এৱাৰ্ডছ ২০২৩’ত।

উল্লেখ্য যে, ২০২২ বৰ্ষৰ মাৰ্চ মাহত মুক্তি পোৱা ‘আৰ আৰ আৰ’ ছবিখনে বিশ্বব্যাপী বক্স অফিচত ১২০০ কোটিৰো অধিক টকা উপাৰ্জন কৰিছিল।

Comments are closed, but trackbacks and pingbacks are open.