নিউজ ডেস্ক, ১১ জানুৱাৰী: জম্মু-কাশ্মীৰৰ কুপৱাৰাত ভয়ংকৰ ঘটনা। দ খাৱৈত পৰি নিহত ২জন সৈনিকসহ এজন সেনা বিষয়া।
এজন কনিষ্ঠ কমিছনড বিষয়া (জেচিঅ’) আৰু আন দুজন সেনা জোৱানে কুপৱাৰাৰ মাচাল চেক্টৰত নিয়মীয়া অভিযান চলাই থকাৰ সময়তে তেঁওলোকৰ বাহনখন বৰফৰে আবৃত ট্ৰেকৰ পৰা পিছলি দ খাৱৈত পৰিছিল।
এই ঘটনা মংগলবাৰে সন্ধিয়া প্ৰায় ৬.৩০ বজাত সংঘটিত হৈছিল। সৈনিকসকলৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। দুৰ্ঘটনা সংঘটিত হোৱা অঞ্চলটোত যোৱা কেইদিনমান ধৰি প্ৰচণ্ড তুষাৰপাত হৈ আছিল বুলি জানিব পৰা গৈছে।
Comments are closed, but trackbacks and pingbacks are open.