নিউজ ডেস্ক, ১১ জানুৱাৰীঃ ৰাজ্যত আৰু দুবছৰলৈ অনুষ্ঠিত নহয় LP-UP টেট। নতুনকৈ ওলোৱা পদৰ বাবে পূৰ্বতে TET উত্তীৰ্ণই কৰিব পাৰিব আবেদন। CTET উত্তীৰ্ণয়ো দাখিল কৰিব পাৰিব আবেদন।
আজি এক সংবাদমেলত ৰণোজ পেগুৱে কয় যে, টেট পাছ কৰা বহু প্ৰাৰ্থী আছে, তেওঁলোকক আৱেদন কৰাৰ সুবিধা দিয়া হ’ব। C TET উত্তীৰ্ণসকলেও কৰিব পাৰিব আৱেদন। পূৰ্বে শিক্ষা বিভাগে আবেদনৰ বাবে C TET উত্তীৰ্ণসকলক অনুমতি দিয়া নাছিল। লগতে সংবাদমেলত শিক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে, বছৰেকীয়া পৰীক্ষাৰ পিছতে হ’ব বদলিকৰণ প্ৰক্ৰিয়া।