নিউজ ডেস্ক, ১২ জানুৱাৰীঃ মিজোৰাম সীমান্তত ম্যানমাৰৰ বোমা বৰ্ষণ। মিজোৰামৰ মিলিকিয়া কেম্পত এই বোমা বৰ্ষণৰ ঘটনা সংঘটিত হয়। বোমা বৰ্ষণৰ আঁৰত ম্যানমাৰৰ CNAৰ সশস্ত্র সংগঠন।
বোমা বৰ্ষণত নিহত হৈছে কেইবাগৰাকীও বিদ্ৰোহী। অৱশ্যে ভাৰতৰ সীমান্তত কোনোধৰণৰ ক্ষতি সাধন কৰা নাই। ম্যানমাৰৰ জুন্তাৰ নিৰ্দেশ অনুসৰি বিদ্ৰোহীৰ শিবিৰত চলিছে আক্ৰমণ।
চীন নেশ্যনেল আৰ্মী CNAৰ শিবিৰত আকাশমাৰ্গৰ পৰা চলিছে আক্ৰমণ। ম্যানমাৰৰ সামৰিক শাসকৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিছিল। যুঁজাৰু বিমানৰ পৰা বোমা নিক্ষেপ কৰিছে ম্যানমাৰ সেনাই। বোমা বিস্ফোৰণত নিহত হৈছে কেইবাগৰাকীও CNAৰ কেডাৰ।