নিউজ ডেস্ক, ১২ জানুৱাৰীঃ দৰং ওদালগুৰি সীমান্তৰ SBIৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ ভিতৰত পিষ্টলধাৰী দুৰ্বৃত্ত। গুলী ফুটাই পলায়ন তিনি দুৰ্বৃত্তৰ। ধন লুটৰ বাবে গ্ৰাহক সেৱা কেন্দ্ৰত সোমাইছিল ডকাইতৰ দলটো।
দৰং ওদালগুৰিৰ সীমান্ত অঞ্চল ১নং বৰঝাৰস্থিত ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত পুৱা প্ৰায় ১১ বজাত ৩জন অচিনাক্ত দুৰ্বৃত্তই ৭.৬৫mm ৰেডিয়াম পিষ্টলৰ সৈতে প্ৰৱেশ কৰে। গ্ৰাহক সেৱাৰ স্বত্বাধিকাৰী ৰাহুল পালক টকা বিচাৰি হুলুস্থলীয়া পৰিবেশৰ সৃষ্টি কৰে যদিও চুবুৰীয়া দোকানীবোৰ ওলাই অহাত দূৰ্বত্তই এক জাঁই গুলী ফুটাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে। হেলমেট পিন্ধি মুখ ঢাকি তিনি দুৰ্বৃত্তই বাইকত উঠি পলায়ন কৰে |
দলগাঁও আৰক্ষী থানাৰ উচ্চ পদস্থ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান অব্যাহত ৰাখিছে। এই ঘটনাৰ পিছতেই সমগ্ৰ অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে।
Comments are closed, but trackbacks and pingbacks are open.