হাৰিয়ানাৰ পানীপাতত ভয়ংকৰ চিলিণ্ডাৰ বিষ্ফোৰণৰ ঘটনা, একেটা পৰিয়ালৰ ৬ জন সদস্যৰ মৃত্যু

নিউজ ডেস্ক, ১২ জানুৱাৰীঃ হাৰিয়ানাৰ পানীপাতত ভয়ংকৰ চিলিণ্ডাৰ বিষ্ফোৰণৰ ঘটনা। বিষ্ফোৰণৰ ফলত এটা পৰিয়ালৰ ছয়জন সদস্যৰ মৃত্যু হয়। ৰন্ধন গেছৰ চিলিণ্ডাৰ লিকৰ ফলত এই ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে। এই ঘটনা পানিপাতৰ তহচিল শিবিৰ অঞ্চলত সংঘটিত হৈছিল।

পানীপাতৰ তহচিল কেম্প আৰক্ষী থানাৰ ইন্সপেক্টৰ ফুল কুমাৰে কয় যে, “এই ঘটনাত ছয়জনৰ মৃত্যু হৈছে। মৃতসকলৰ ভিতৰত এহাল দম্পতী আৰু তেওঁলোকৰ ৪টা সন্তান ,”।

শিশুসকলৰ ভিতৰত ২ গৰাকী ছোৱালী আৰু ২টা ল’ৰা আছে। নিহত দুজন হৈছে আব্দুল কৰিম (৫০), তেওঁৰ পত্নী আফৰোজা (৪৬), জ্যেষ্ঠ কন্যা ইশ্ৰত খাতুন (১৮), ৰেছমা (১৬), আব্দুল ছাকুৰ (১০) আৰু আফান (৭)। তেওঁলোক পশ্চিম বংগৰ উত্তৰ দিনাজপুৰৰ বাসিন্দা আছিল।

cylinder blastDaily time axomDeathHaryanaIndiaPanipat