Daily Time Axom

যোৰহাটত কৰুণ ঘটনা ! পাষান পিতৃয়ে দলিয়াই মাৰিলে ১মহীয়া কন্যা সন্তানক

39

নিউজ ডেস্ক, ১২ জানুৱাৰীঃ যোৰহাটৰ কেন্দুগুৰি চেঙেলীগাঁৱত এক হৃদয় বিদাৰক ঘটনা। পাষান পিতৃয়ে দলিয়ালে এমহীয়া কন্যা সন্তানক। নাক আৰু মুখত আঘাত পোৱা সন্তানটিৰ চিকিৎসালয়ত মৃত্যু। পত্নীকো সঘনাই কৰে মাৰধৰ পাষান স্বামী পংকজ ডেকাই।

কেন্দুগুৰিৰ এক নং চেঙেলিগাঁৱত ভাড়াঘৰত আছিল পংকজ ডেকা আৰু তেওঁৰ পত্নী। সুৰাপান কৰি প্ৰায়ে কাজিয়াত লিপ্ত হোৱাৰ অভিযোগ উঠা এই পৰিয়ালটোৰ ঘৰুৱা কন্দলৰ পৰিণতিত কণমানি শিশুটিৰ মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ স্থানীয় ৰাইজৰ। এই ঘটনাই সমগ্ৰ অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Comments are closed, but trackbacks and pingbacks are open.