নিউজ ডেস্ক, ১২ জানুৱাৰীঃ ভাৰতৰ দুটা কফ ছিৰাপ শিশুৰ বাবে অনুপযোগী ঘোষণা WHOৰ। ভাৰতৰ দুটা কফ ছিৰাপৰ বাবেই উজবেকিস্তানত ১৯টি শিশুৰ মৃত্যু হৈছিল বুলি অভিযোগ।
ভাৰতৰ দুটা কফ ছীৰাপক লৈ WHOৰ এলাৰ্ট। শিশুৰ বাবে দুয়োবিধ ঔষধ ব্যৱহাৰৰ অনুপযোগী ঘোষণা। এবিধ ঔষধ হৈছে AMBRONOL SYRUP। আনবিধ ঔষধ হৈছে DOK-1 Max SYRUP। এই ঔষধৰ নিৰ্মাতা উত্তৰপ্ৰদেশৰ MARION BIOTECH। কফ ছীৰাপ দুটাত অতিৰিক্ত বিষাক্ত পদাৰ্থ থকা বুলি উল্লেখ WHOৰ। উজবেকিস্তানত ১৯টা শিশুৰ মৃত্যুৰ পাছতে এই তথ্য প্ৰকাশ WHOৰ। দুয়োবিধ ঔষধৰ বাবেই শিশুৰ মৃত্যুৰ অভিযোগ উঠিছিল।