একেটা পৰিয়ালৰ ৫ জন সদস্যৰ মৃত্যু হৈছে এক অগ্নিকাণ্ডত।
বাংলাদেশৰ চট্টগ্ৰামৰ ৰংগুনিয়াত সংঘটিত হৈছে এই ঘটনা।
নিহত কেইজন হ’ল কংগল বাছাক (৬৮), পত্নী ললিতা বাছাক (৫৭), বোৱাৰী লাকী বাছাক (৩৩), নাতি সৌৰভ বাছাক (১২), নাতিনী শয়ন্তী বাছাক (৬)। কংগলৰ পুত্ৰ খোকন চট্টগ্ৰাম মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে।
বৃহস্পতিবাৰে গভীৰ নিশা সংঘটিত হয় এই ঘটনা। ঘটনাটো শনিবাৰে পোহৰলৈ আহে।
অগ্নিনিৰ্বাপক বাহিনীয়ে জনোৱা মতে, পুৱা ২:১০ বজাত খোকনৰ ঘৰত অগ্নিকাণ্ড সংঘটিত হয়। সেই সময়ত সকলোৱে শুই আছিল। পুৱা ৪ বজালৈকে ৫টা অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত জুই নিয়ন্ত্ৰণলৈ অনা হয়।
আৰক্ষীৰ মতে পাকঘৰৰ পৰাই জুইৰ সূত্ৰপাত হয়। আৰক্ষীৰ সূত্ৰৰ মতে, এই ঘটনাৰ আঁৰত আন কিবা ৰহস্য আছে নেকি সেই সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে।