Daily Time Axom

“মই তাইক বিয়া কৰাই নাছিলো- আদিল, ৰাখীৰ কান্দোন…

0 25


সঁচাকৈ আদিল খানৰ বিয়া হৈছে নেকি ৰাখী সাৱন্তৰ লগত?

ছ’চিয়েল মিডিয়াত ৰাখীয়ে নিজৰ নিকা বুলি ভিডিঅ’ আৰু ছবি যিমানেই শ্বেয়াৰ নকৰক কিয়, আদিলে এই বিবাহক একেবাৰে অস্বীকাৰ কৰিছে। টাইমছ নাওত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি আদিল খানে স্পষ্টকৈ কৈছে যে তেওঁ ৰাখীৰ সৈতে বিবাহিত নহয়। বৰং এই বিয়াৰ ভিডিঅ’টো সম্পূৰ্ণ মিছা!

অৱশ্যে এইটো সংবাদ মাধ্যমৰ আগত ৰাখীয়ে এক সাক্ষাৎকাৰত বেলেগ ধৰণেৰে কয়। ৰাখীয়ে টাইমছ নাওক কয় যে আদিলে কিয় এই কথা কৈছে। মই জানো আদিলে মোক বহুত ভাল পায়। মোক এই বিয়াখন গোপনে ৰাখিবলৈ কোৱা হৈছিল।

ৰাখীয়ে লগতে ক’লে যে মোৰ মা এতিয়া হস্পিতালত ভৰ্তি হৈ আছে। আদিলে মোৰ লগত কথা পতা বন্ধ কৰি দিছে।


কৰ্কট ৰোগৰ বাবে চিকিৎসালয়ত ভৰ্তি মাতৃ। ৰাখী সাৱন্তই মাকক লৈ চিন্তা কৰি ৰাতিটো কটাব পৰা নাই। ছ’চিয়েল মিডিয়া লাইভত ৰাখী সাৱন্তে স্পষ্টকৈ উল্লেখ কৰিছে। লগতে ছচিয়েল মিডিয়াত ৰাখী সাৱন্ত আৰু প্ৰেমিক আদিল খান দুৰাণীৰ বিয়াৰ ভাইৰেল ছবি আপলোড কৰিছে!

গজৱ ওলাইছে যে ৰাখীয়ে গোপনে আদিলক বিয়া কৰাইছে। ছবিখনত দেখা গৈছে ৰাখীয়ে আদিলক ডিঙিত মালা পিন্ধাই বিয়া পাতিছে। কিন্তু এতিয়াৰ বাবে ৰাখী বা আদিলে এই বিষয়ত কোনো মন্তব্য দিব বিচৰা নাছিল।

বলীউডৰ মিৰ্চি ছোৱালী ৰাখী সাৱন্তে নিজেই ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰিছে যে তেওঁৰ প্ৰেমিকৰ নাম আদিল খান দুৰ্ৰানী। কিন্তু কেৱল প্ৰেমিকৰ নামেই নহয়, ৰাখীয়ে প্ৰেমিকক কাষত লৈ ভিডিঅ’ আৰু ছবিও আপলোড কৰিছিল।

ৰাখীয়ে সদায় বাতৰিত থাকিবলৈ বিভিন্ন চমক দিয়ে। উদাহৰণস্বৰূপে, বিগ বছ ১৫ৰ সময়ত ৰাখীয়ে হঠাতে ৰিতেশ নামৰ এজন ব্যক্তিৰ লগত বাগ্দান কৰাৰ কথা প্ৰকাশ কৰিছিল। এই ৰিতেশ কানাডাত থাকে।

ৰিতেশৰ পত্নী আৰু সন্তানো আছে। তথাপিও ৰাখীৰ লগত তেওঁৰ হেনো বিয়া হৈছে। আনকি, ৰাখীয়ে এই ৰিতেশক বিগবছৰ ঘৰলৈকে লৈ আহিছিল। ৰিতেশক দেখি ছলমানে ক’লে, ৰাখীয়ে নিশ্চয় গিৰিয়েকক ভাড়াত লৈছে সেই লৈ বিগ বছৰ ভিতৰতো হুলস্থুলৰ সৃষ্টি হৈছিল।

কেৰিয়াৰৰ আৰম্ভণিৰে পৰাই তেওঁ মুখত যি আহে তাকেই কয়। উদাহৰণ স্বৰূপে কিছুদিন পূৰ্বে এটা সাক্ষাৎকাৰত ৰাখীয়ে বলীউডৰ ছবি এখনত অভিনয় কৰাৰ সুযোগ পোৱাৰ কথাকলৈ এটা বিস্ফোৰক মন্তব্য কৰিছিল। এই সাক্ষাৎকাৰত ৰাখীয়ে কয় যে স্তনৰ আকাৰ ডাঙৰ হ’লেহে বলীউডত সুযোগ আছে। কিয় সেই বিন্দাস ৰাখীয়ে হঠাৎ লুকুৱাই ৰাখিলে বিয়াৰ খবৰ, আলোচনা আৰম্ভ হ’ল এতিয়া নতুনকৈ।

Leave A Reply

Your email address will not be published.