নিউজ ডেস্ক, ১৩ জানুৱাৰীঃ মহাৰাষ্ট্ৰৰ নাছিকত ভয়ংকৰ দুৰ্ঘটনা। শুকুৰবাৰে পুৱা সংঘটিত হয় এই পথ দুৰ্ঘটনাটো। নাছিক–ছিন্নাৰ পথত এখন যাত্ৰীবাহী বাছৰ সৈতে ট্ৰাকৰ সংঘৰ্ষৰ ফলত ১০জন লোকৰ মৃত্যু হয়। এই দুৰ্ঘটনাত আহত হয় ৪০ জন যাত্ৰী। জানিব পৰা মতে, বাছখনত থকা সকলো যাত্ৰীয়ে সাই বাবাৰ দৰ্শনৰ বাবে শিৰডীলৈ গৈ আছিল। মৃতসকলৰ ভিতৰত ৭গৰাকী মহিলা আৰু তিনিজন পুৰুষ। আহতসকলক নিকটৱৰ্তী সাইবাবা হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ইয়াৰে কেইবাজনৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
এই ঘটনাৰ পিছতেই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধেই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰে। লগতে মৃতকৰ পৰিয়াললৈ ৫ লাখ টকাৰ অনুদান ঘোষণা কৰে।
Comments are closed, but trackbacks and pingbacks are open.