Daily Time Axom

মৈৰাবাৰীৰ লেংৰীবড়ীত ধান ক্ৰয় কেন্দ্ৰ উন্মোচন

0 31

মৰিগাঁও জিলাৰ উপায়ুক্ত দেবাশীষ শৰ্মাই মৈৰাবাৰী লেংৰীবড়ীত স্থাপন হোৱা অসম চৰকাৰৰ ধান ক্ৰয় কেন্দ্ৰ উন্মোচন কৰে।

ৰাজ্যখনৰ কৃষকসকলক সকাহ দিয়াৰ লগতে কৃষকে মধ্যভোগী ব্যাৱসায়ীৰ কৱলৰ পৰা মুক্ত পোৱাৰ লক্ষ্যৰে খাদ্য আৰু অসামৰিক যোগান নিগম পৰিসীমিতৰ অধীনত ( অসম চৰকাৰৰ কোম্পানী)অসমৰ বিভিন্ন জিলাৰ লগতে মৰিগাঁও জিলাৰ মৈৰাবাৰী লেংৰীবড়ীত স্থাপন হোৱা এই ধান ক্ৰয় কেন্দ্ৰ (procurement centres) উন্মোচন কৰি উপায়ুক্ত দেৱাশীষ শৰ্মাই কয় মৈৰাবাৰী অঞ্চলৰ কৃষক সকলে এই কেন্দ্ৰত ২০৪০ টকাত পোনপটীয়াকৈ ধান বিক্ৰী কৰিব পাৰিব। ইয়াত মধ্যভোগীৰ কোনো স্হান নাই। কৃষকসকলে নিজে উৎপাদন কৰা ধান বজাৰত কম দামত বিক্ৰী নকৰি এই কেন্দ্ৰত উচিত মূল্যত ধান বিক্ৰী কৰি লাভৱান হ’ব। আৰু যিজন যুৱকৰ জৰিয়তে এই ধান ক্ৰয় কেন্দ্ৰ স্থাপন হ’ল যুৱকজনক উপায়ুক্তগৰাকীয়ে প্ৰশংসা কৰে।

আজিৰ এই ধান ক্ৰয় কেন্দ্ৰ উন্মোচনী সভাত মৰিগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত গৰ্গ মোহন দাস মৰিগাঁও জিলাৰ কৃষি বিষয়া ইন্দ্ৰ মহন তালুকদাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ ভাৰপ্ৰাপ্ত সহ সঞ্চালক বিচিত্ৰ কুমাৰ দাস আৰু মৈৰাবাৰীৰ যুৱ নেতা মেহবুব মুক্তাৰ উপস্থিত থাকে। সভা খন পৰিচালনা কৰে লেংৰীবড়ী গাঁৱ পঞ্চায়তৰ সভাপতি ফাইজুৰ ৰহমানে।

Leave A Reply

Your email address will not be published.