Daily Time Axom

মেজিৰ জুইৰ মহত্ব কি? মাঘ বিহুৰ পাছত ঠাণ্ডাৰ পৰিমাণ কমে কেনেকৈ?

53

নিউজ ডেস্ক, ১৩ জানুৱাৰীঃ মাঘ বিহুৰ মুখ্য আকৰ্ষণ মেজি জ্বলোৱা। মাঘ বিহুত জ্বলাবলৈ তৈয়াৰ কৰা হয় কাঠ বা খেৰৰ ওখ দ’ম।এই মেজি প্ৰতিজন অসমীয়াৰ আৱেগ।বহু ঠাইত এনে মেজি কল গছৰ শুকান পাত,নৰা আদিৰে তৈয়াৰ কৰে আৰু বহু ঠাইত কাঠ-বাঁহ আদিৰেও তৈয়াৰ কৰা দেখা যায়।

মাঘ বিহুৰ উৰুকাৰ নিশা মেজি জ্বলাই ভেলাঘৰত ভোজ-ভাত খাই স্ফুৰ্তি কৰে।আৰু পাছদিনা মেজি জ্বলাই অগ্নি দেৱতাক পূজা কৰাৰ ৰীতি প্ৰচলিত আছে।ইয়াৰ পৰা বিভিন্ন অপায়-অমংগল দূৰ হয় বুলি বিশ্বাস কৰা হয়।

মেজি জ্বলাওতে ভক্তিসহকাৰে অগ্নিদেৱতালৈ নাৰিকল-তামোল-ঘীউ-তেল,মাহ-চাউল-লাৰু-পিঠা,আদি নানান দ্ৰৱ্য অৰ্পণ কৰা হয়।

এনেদৰে সকলো দেৱতাৰ প্ৰতিনিধি স্বৰূপে অগ্নিদেৱতাক মানুহে পূজা-অৰ্চনা কৰাৰ প্ৰথা অতীজৰে পৰা চলি আহিছে।মেজি বা ভেলাঘৰত অগ্নি সংযোগ কৰাৰ সময়ত সকলো লোকে-কামনা কৰে যাতে সমাজৰ পৰা অশুভ শক্তি সমূহৰ নাশ হয়।লোকবিশ্বাসৰ মতে-এনেদৰে মেজি জ্বলালে ঠাণ্ডা আঁতৰে।

Comments are closed, but trackbacks and pingbacks are open.