৬৭ বছৰীয়া চিৰঞ্জীৱীৰ সৈতে ৩৬ বছৰীয়া শ্ৰুতিৰ ৰোমাঞ্চ

দক্ষিণ চিনেমাৰ ছুপাৰষ্টাৰ চিৰঞ্জীৱী।

বলীউডতো অভিনয় কৰি বহু ছুপাৰহিট চিনেমা দৰ্শকক দিছে। ইতিমধ্যে এইগৰাকী অভিনেতাই অভিনয় জীৱনৰ চাৰি দশকৰো অধিক সময় অতিক্ৰম কৰিছে। কাইলৈ ​​১৩ জানুৱাৰীত মুক্তি পাব নতুন ছবি ‘ৱলটাৰ বেৰিয়া’।

শেহতীয়াকৈ এই ছবিখনৰ ‘নিকেমো আন্দমেক্কুবা’ শীৰ্ষক গীত এটা অতি জনপ্ৰিয় হৈ পৰিছে। য’ত ৬৭ বছৰীয়া চিৰঞ্জীৱীক ৩৬ বছৰীয়া শ্ৰুতি হাছানৰ লগত ৰোমাঞ্চ কৰা দেখা গৈছিল।

ড্ৰাগছ মাফিয়া সাম্ৰাজ্যৰ পটভূমিত নিৰ্মিত এই ছবিখনৰ ট্ৰেইলাৰ মুক্তিৰ লগে লগে লাইমলাইটলৈ আহে প্ৰবীণ অভিনেতাগৰাকী। ট্ৰেইলাৰত চিৰঞ্জীৱীক ডেছিং হিৰো হিচাপে দেখুওৱা হৈছে। ২ মিনিট ৫০ ছেকেণ্ডৰ ট্ৰেইলাৰত চিৰঞ্জীৱীৰ সৈতে প্ৰতিটো দৃশ্যতে শ্ৰুতি হাছানৰ উপস্থিতি বহুতে ভাল পাইছিল।

AssambollywoodDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment