Daily Time Axom

প্ৰেমিকৰ সন্মুখতে দলবদ্ধ ধৰ্ষণ প্ৰেমিকাক, গ্ৰেপ্তাৰ ৫

0 46

তামিলনাডুত কলেজীয়া যুৱতীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ।

অভিযোগ অনুসৰি, এগৰাকী ২০ বছৰীয়া কিশোৰীক ডিঙিত কটাৰী লগাই ধৰ্ষণ কৰা হৈছে।

ইতিমধ্যে ঘটনা সন্দৰ্ভত ৫জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
বৃহস্পতিবাৰে সন্ধিয়া কাঞ্চিপুৰম অঞ্চলত সংঘটিত হয় এই ঘটনা। প্ৰেমিকৰ সৈতে কলেজৰ এগৰাকী যুৱতী বাহিৰলৈ ওলাই আহিল।দুয়োজনেই নিৰ্জন ঠাইলৈ গৈছিল। হঠাৎ দুই মদ্যপায়ীয়ে ছোৱালীজনীৰ পুৰুষ বন্ধুক আক্ৰমণ কৰে।

দুয়োজন অপৰাধীৰ মুখত মাস্ক আছিল। তাৰ পাছত থিতাতে আৰু চাৰিজন দুষ্কৃতিকাৰী আবিৰ্ভাৱ হয়। ডিঙিত দা লৈ যুৱতীগৰাকীক আন্ধাৰ ঠাইলৈ লৈ যোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

তাৰ পিছত এজন এজনকৈ দুষ্কৃতিকাৰীয়ে নৃশংস নিৰ্যাতন চলাই।

ইতিমধ্যে এই ঘটনাত ৫জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। জানিব পৰা মতে, দুস্কৃতিকাৰীয়ে ছোৱালীজনীৰ পুৰুষ বন্ধুজনকো মাৰপিট কৰে। প্ৰেমিকৰ সন্মুখতে সংঘটিত হৈছে এই ধৰ্ষণ। ইয়াৰ পিছতে দুয়োকে ঘাইপথৰ কাষত এৰি পলায়ন কৰে অভিযুক্তই। ছোৱালীজনী আৰু তাইৰ প্ৰেমিক তাৰ পৰাই আত্মীয় এজনৰ ঘৰলৈ যায়। ইয়াৰ পিছত ছয়জন লোকৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণৰ এজাহাৰ আৰক্ষীত দাখিল কৰা হয়। যুৱতীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

Leave A Reply

Your email address will not be published.