নিউজ ডেস্ক, ১৪ জানুৱাৰীঃ কাজিৰঙাৰ হাতীখুলিত ভয়ংকৰ পথ দুৰ্ঘটনা। পথচাৰীক মহতিয়াই দলঙৰ ৰেলিং ভাঙি খাৱৈত সোমাল কয়লাভৰ্তি ট্ৰাক। ট্ৰাকৰ চেপাত তিনিজনৰ মৃত্যু হোৱাৰ লগতে আহত হয় দুজন। মৃত লোককেইজন একে পৰিয়ালৰে চিকন্দৰ কৰ্মকাৰ, আগণেশ কৰ্মকাৰ আৰু জগন্নাথ কৰ্মকাৰ।
আহত দুজন হৈছে বজৰঙ্গী কৰ্মকাৰ আৰু মেঘনাথ কৰ্মকাৰ। দ্ৰুতবেগী কয়লাভৰ্তি ট্ৰাকে মহটিয়াই নিয়ে আটাইকে। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক নম্বৰ AS 01N C 5855।