নিউজ ডেস্ক, ১৪ জানুৱাৰীঃ মহানগৰীৰ কাহিলীপাৰাত ভয়ংকৰ অগ্নিকাণ্ড। জটিয়াৰ পেট্ৰ’ল পাম্পৰ সমীপত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা। পুৱা ৯ বাজি ১০ মিনিটত সংঘটিত হয় এই ঘটনা। অগ্নিকাণ্ডৰ ফলত ৩টাকৈ চিলিণ্ডাৰ বিস্ফোৰণ ঘটা বুলি জানিব পৰা গৈছে।
প্ৰদীপ ৰাভাৰ ভাৰাতীয়াৰ ঘৰত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে ঘৰটো।
অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপন কৰিবলৈ সক্ষম হয় জুই। ভয়ংকৰ বিপদৰ পৰা কথমপি ৰক্ষা পৰে অঞ্চলবাসী। অগ্নিকাণ্ডৰ ফলত হোৱা ক্ষয়–ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই।