আজি ভোগালীৰ উৰুকা

নিউজ ডেস্ক, ১৪ জানুৱাৰীঃ আজি বাপতি সাহোন ভোগালী বিহুৰ উৰুকা। ভোগালীক আদৰাৰ বাবে ৰাজ্যজুৰি ব্যাপক উছাহ। ৰাজ্যৰ চৌদিশে উৰুকাৰ নিশা লগে–ভাগে এসাঁজ খাবলৈ চলিছে ব্যাপক প্ৰস্তুতি। প্ৰতিজন অসমীয়া ব্যস্ত ভোগালীৰ আনন্দত।

পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু পালন কৰা হয়। এই সময়তে ধান, মাহ, তিল, মগু, আদি শস্য চপাই মানুহে ভঁৰাল ভৰায়। কৃষিজীৱি লোকে খেতি চপাই ভঁৰাল উপচাই ৰাখে বাবে এই বিহু ভোগালী বিহু ৰূপে প্ৰচলিত। সেই বাবেই নিশ্চয়কৈ এই বিহুত খোৱা বোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়।

উৰুকাৰ নিশা হেঁপাহেৰে এসাঁজ খাবলৈ পুৱাৰে পৰা বজাৰত ভিৰ কৰিছে জনতাই। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে থকা বজাৰসমূহত উভৈনদী হৈ পৰিছে বিভিন্ন মাছ। সকলোৱে নিজৰ পছন্দৰ মাছটো কিনিবলৈ ঢপলিয়াই আহিছে মাছৰ বজাৰলৈ। কোনোবাই যদি চিতল কিনিছে, কোনোবাই বৰালী, কোনোৱে যদি ভকুৱা কিনিছে কোনোৱে আকৌ আৰি।

AssamBihuCelebrationDaily time axomGuwahatiIndia