মধ্য কাশ্মীৰৰ বুডগামত সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘৰ্ষ।
আৰক্ষীৰ মতে, নিৰাপত্তা বাহিনীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। কিছুদিন পূৰ্বে নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা আন এক সংঘৰ্ষত চাৰিজন সন্ত্ৰাসবাদী নিহত হৈছিল।
দেওবাৰে পুৱা জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ সিদ্ধৰা বাইপাছ এলেকাৰ ট’ৱি দলঙৰ সমীপত ঘন কুঁৱলীৰ মাজত দুয়োপক্ষৰ মাজত বন্দুকৰ যুদ্ধ সংঘটিত হয়। লগতে আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ পৰা এটা এ কে ৪৭ ৰাইফল আৰু দুটা পিষ্টল উদ্ধাৰ কৰে।
তিনি সপ্তাহ পূৰ্বে জম্মু-কাশ্মীৰৰ শ্বোপিয়ান জিলাৰ মুঞ্জ মাৰ্গ অঞ্চলত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত তিনিজন লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদী নিহত হৈছিল। এই সন্ত্ৰাসবাদীক চিনাক্তকৰণৰ প্ৰক্ৰিয়া অব্যাহত আছে।