বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ত্ৰিপুৰা আৰক্ষীৰ সফলতা

বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ত্ৰিপুৰা আৰক্ষীয়ে পুনৰ ড্ৰাগছ বিৰোধী অভিযানত যথেষ্ট সফলতা লাভ কৰিছে।

এন চি চি থানাৰ আৰক্ষীয়ে কবি আৰু কুমলীয়া ডালিম ভৰ্তি এখন ল’ৰীৰ পৰা ১ কোটি টকা মূল্যৰ ড্ৰাগছ সামগ্ৰী জব্দ কৰে। শনিবাৰে সন্ধিয়া নন্দনগৰ অঞ্চলত সংঘটিত হয় এই ঘটনা। এন চি চিৰ মহকুমা আৰক্ষী বিষয়া পাৰ্মিতা পাণ্ডেয়ে জানিবলৈ দিয়া মতে, পথত বাহনসমূহ পৰীক্ষা কৰি থকা অৱস্থাত আৰক্ষী বিষয়াসকলে নন্দনগৰৰ পৰা খাইৰপুৰ পথেৰে গৈ থকা TR01AK1685 নম্বৰৰ এখন বাহন দেখা পায়। গাড়ীখন দেখাৰ পিছত সন্দেহ কৰি আৰক্ষীয়ে তালাচী চলাই গাড়ীখনৰ পৰা ৯ হাজাৰ ১০০ টা নিচাযুক্ত কাহৰ চিৰাপ, ফেনচিডিলৰ বটল উদ্ধাৰ কৰে। যাৰ বজাৰ মূল্য এক কোটি টকা বুলি মহকুমা আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

চালক ফৰিকুল ইছলামক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। এন চি চি থানাত ড্ৰাগছ সৰবৰাহ সন্দৰ্ভত এন ডি পি এছ আইনৰ অধীনত গোচৰ ৰুজু কৰিছে। দেওবাৰে তেওঁক ৰিমাণ্ড বিচাৰি আদালতত হাজিৰ কৰা হ’ব। আৰু এই ড্ৰাগছ ক’ৰ পৰা আহিল, ক’লৈ যাব সেই ঘটনাৰ তদন্ত আৰক্ষীয়ে কৰিব। আৰু ইয়াৰ লগত কোন জড়িত সেই কথাও জানিব পাৰিব আৰক্ষীয়ে।

AssamDaily time axomGuwahatiIndiaInternationalNew Delhi
Comments (0)
Add Comment