শীতকালত শৰীৰ গৰম কৰি ৰাখিবলৈ কোনবোৰ খাদ্য উপযোগী

তীব্ৰ শীতকালত মানুহৰ জীৱন বিঘ্নিত হয়। আনকি গৰম কাপোৰ পিন্ধিলেও ঠাণ্ডা নকমে। গ্ৰীষ্মকালত শৰীৰক শীতল কৰি ৰাখিবলৈ যেনেকৈ নেমুৰ চিৰাপ উপযোগী, তেনেদৰে কিছুমান বিশেষ খাদ্যই শীতকালত শৰীৰক গৰম কৰি ৰাখিব পাৰে। এই খাদ্যবোৰে শৰীৰক ভিতৰৰ পৰা গৰম কৰি ৰাখিব।

গৱেষণাৰ মতে শীতকালত মানৱ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সম্পূৰ্ণৰূপে হ্ৰাস পায়। তেনে ক্ষেত্ৰত বিশুদ্ধ ঘিউ খাদ্যত ৰাখিব পাৰে। ৰোটি বা ভাতৰ লগত অলপ ঘিউ খালে শৰীৰ গৰম হ’ব। অৱশ্যে মেদবহুলতা, ডায়েবেটিছ ৰোগত আক্ৰান্ত হ’লে চিকিৎসকৰ পৰামৰ্শমতে ঘিউ সেৱন কৰিব লাগে।

শীতকালত উৎসৱ আৰু ভোজ-ভাত চলি থাকে। ফলত অতিৰিক্ত তেলৰ মছলা, ভজা খাদ্য খোৱা হয়। ই বদহজমৰ সমস্যা বৃদ্ধি কৰে। এই ক্ষেত্ৰত তিলৰ গুটি অতি উপযোগী।

ইয়াত উপস্থিত জৈৱ সক্ৰিয় যৌগবোৰে পেট ফুলা কমায়।

শৰীৰে উৎপন্ন হোৱা প্ৰদাহজনিত ৰাসায়নিক পদাৰ্থকো প্ৰতিহত কৰে।

সঘনাই কফিৰ চুমুক দিয়াৰ পৰিৱৰ্তে ঠাণ্ডা কম কৰিবলৈ আদা আৰু তুলসী চাহ খাব লাগে। ই শৰীৰক গৰম কৰি ৰখাত সহায় কৰাৰ লগতে শৰীৰক আৰাম প্ৰদান কৰিব।

শৰীৰ গৰম কৰি ৰাখিবলৈ চুপ খাবও পাৰে।

শীতকালীন শাক-পাচলি আৰু কুকুৰাৰ সৈতে চুপ খালে শৰীৰ সুস্থ হৈ উঠিব। লগতে চূপটোৱে শৰীৰটো ভিতৰৰ পৰা গৰম কৰি ৰাখিব।

AssambollywoodDaily time axomGuwahatiIndiaInternationalNew Delhi
Comments (0)
Add Comment