নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বাগৰিল শিক্ষামূলক ভ্ৰমণলৈ যোৱা বাছ, গুৰুতৰভাৱে আহত ১৫ৰো অধিক ছাত্ৰ-ছাত্ৰী

নিউজ ডেস্ক, ১৫ জানুৱাৰীঃ উৰুকাৰ নিশাই দুধনৈত ভয়ংকৰ পথ দুৰ্ঘটনা। শিক্ষামূলক ভ্ৰমণলৈ যোৱা শিক্ষাৰ্থীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰিল বাছ। দুৰ্ঘটনাত আহত হয় প্ৰায় ১৫ গৰাকীকৈ ছাত্ৰ-ছাত্ৰী। আহত শিক্ষাৰ্থীক উদ্ধাৰ কৰি দুধনৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। গুৱাহাটীৰ পৰা ওভতাৰ পথত দুৰ্ঘটনাত পতিত হয় বাছখন। বহতী হাইস্কুলৰ পৰা শিক্ষামূলক ভ্ৰমণলৈ গৈছিল বাছখন।
শিক্ষক-শিক্ষয়িত্ৰীসহ ৮০ গৰাকী ছাত্ৰ-ছাত্ৰী আছিল বাছখনত। দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নম্বৰ AS01 GC3833।

AccidentAssamAssamese NewsDaily time axomDudhnoiIndiaInjured