নিউজ ডেস্ক, ১৫ জানুৱাৰীঃ নেপালত ভয়ংকৰ বিমান দুৰ্ঘটনা। কাঠমাণ্ডুৰ পৰা পোখৰা অভিমুখী যাত্ৰীবাহী বিমানখন কাস্কি জিলাৰ পোখৰাত দুৰ্ঘটনাগ্ৰস্ত হৈছে।
ৰানৱেতে জ্বলি যায় বিমানখন। বিমানখনত আছিল ৬৮ জন যাত্ৰীৰ লগতে আছিল ৪জন ক্ৰু মেম্বাৰ। দুৰ্ঘটনাগ্ৰস্ত বিমানখন আছিল YETI এয়াৰ লাইনছৰ।
নেপালৰ পোখৰা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ৰানৱেত দুৰ্ঘটনাগ্ৰস্ত বিমানত থকা যাত্ৰীসকলক উদ্ধাৰ কৰিবলৈ উদ্ধাৰকাৰী হেলিকপ্টাৰবোৰে ইতিমধ্যে চেষ্টা কৰি আছে। বৰ্তমানলৈ দুৰ্ঘটনাৰ আঁৰৰ কাৰণ জানিব পৰা যোৱা নাই।
বিমান দুৰ্ঘটনাটোত আটাইকেইজন যাত্ৰীয়ে প্ৰাণ হেৰুৱাইছে বুলি জানিব পৰা গৈছে।