Daily Time Axom

শ্ৰীলংকাৰ পিছত এইবাৰ পাকিস্তানত অৰ্থনৈতিক সংকটজনক অৱস্থা

39

নিউজ ডেস্ক, ১৬ জানুৱাৰীঃ পাকিস্তানৰ অৰ্থনৈতিক অৱস্থা এতিয়া সংকটজনক। দেশখনৰ সাধাৰণ মানুহে ৰাজপথত এক কেজি আটা বিচাৰি ভিক্ষা খুজিব লগীয়া হৈছে। সেয়েহে পাকিস্তানে বিভিন্ন দেশৰ পৰা অৰ্থনৈতিক সাহায্য বিচাৰিছে।
এনে পৰিস্থিতিত পাৰমাণৱিক শক্তিত শক্তিশালী দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শ্বাহবাজ শ্বৰীফে অৰ্থনীতি ৰক্ষাৰ বাবে এনেদৰে ভিক্ষা বিচৰাটো লজ্জাজনক। ইফালে পাকিস্তান প্ৰশাসনিক সেৱাৰ পাছ আউট পেৰেডত অংশগ্ৰহণ কৰি তেওঁ কয় বহিঃৰাজ্যৰ পৰা এনেদৰে ঋণ বিচৰাটো অতি লজ্জাজনক।
প্ৰধানমন্ত্ৰীগৰাকীয়ে চৌদি আৰৱৰ পৰা সহায় বিচাৰিছে বুলি জানিব পৰা গৈছে। আই এম এফৰ পৰা আৰ্থিক সাহায্য লাভ কৰাৰ পূৰ্বে পাকিস্তানে এতিয়া আন দেশৰ পৰা সাহায্য বিচাৰিছে।

ইফালে আই এম এফৰ পৰা ঋণ লোৱাৰ পূৰ্বে পাকিস্তানে এতিয়া বন্ধু দেশসমূহৰ পৰা কিছু সাহায্য বিছাৰি দেশৰ উত্তেজনা হ্ৰাস কৰিবলৈ চেষ্টা কৰিছে। ছৌদি আৰব আৰু সংযুক্ত আৰব আমিৰ শ্বাহীয়ে আপাততঃ সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছে পাকিস্তানক । কিন্তু এতিয়া ডাঙৰ প্ৰশ্নটো হৈছে ইয়াৰ দ্বাৰা পাকিস্তান কিমান লাভৱান হ’ব। আই এম এফে পাকিস্তানক কিমান সহায় কৰিব সেয়াও এতিয়া ডাঙৰ প্ৰশ্ন।

Comments are closed, but trackbacks and pingbacks are open.