Daily Time Axom

স্বামীৰ দৰেই অধৰুৱা হৈ ৰ’ল অঞ্জুৰ সপোন !পাইলট হ’ব নোৱাৰিলে নেপালৰ অভিশপ্ত বিমানৰ সহ-পাইলট অঞ্জু খাতিৱাড়াৰ

47

নিউজ ডেস্ক, ১৬ জানুৱাৰীঃ স্বামীৰ দৰেই অধৰুৱা হৈ ৰ’ল অঞ্জুৰ সপোন ! ১৬ বছৰ পূৰ্বে বিমান দুৰ্ঘটনাত স্বামীক হেৰুৱা অঞ্জুৰো সপোন আছিল পাইলট হোৱাৰ। কিন্তু সেই সপোন যেন সপোন হৈয়ে ৰ’ল ! নেপালত দুৰ্ঘটনাত পতিত হোৱা বিমানৰ সহকাৰী পাইলটৰ দায়িত্বত থকা অঞ্জু বিমানখন অৱতৰণৰ পিছতে লাভ কৰিলে হেঁতেন পাইলটৰ লাইচেঞ্চ। কিন্তু তাৰ পূৰ্বেই সংঘটিত হ’ল এই ভয়ংকৰ দুৰ্ঘটনা।

নেপালৰ পোখৰাত সংঘটিত বিমান দুৰ্ঘটনাই সমগ্ৰ নেপালতে দুখৰ ছাঁ পৰিছে । দুৰ্ঘটনাটোৰ সময়ত চাৰিজন ক্ৰু সদস্যসহ ৭২ জন লোক বিমানখনত আছিল। এই ৭২ জন লোকৰ ভিতৰত বিমানখনৰ সহ-পাইলট অঞ্জু খাতিৱাড়াৰ মৃত্যু হয়|

উল্লেখযোগ্য যে অঞ্জুৰ স্বামীও এগৰাকী সহকাৰী পাইলট আছিল, ১৬ বছৰ পূৰ্বে অঞ্জুৰ দৰে বিমান দুৰ্ঘটনাত নিহত হৈছিল স্বামী । এই খবৰে এতিয়া বিশ্বজুৰি পেলাইছে শোকৰ ছাঁ !

Comments are closed, but trackbacks and pingbacks are open.