সৰ্থেবাৰীত প্ৰাইজমানি কুইজ প্ৰতিযোগিতাৰ আয়োজন

সৰ্থেবাৰী, ১২ জানুৱাৰী: বৃহত্তৰ সৰ্থেবাৰী অঞ্চলৰ আগশাৰীৰ শিক্ষানুষ্ঠান বঞ্চিত চৌধুৰী শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি অহা ২৭ জানুৱাৰীত সৰ্থেবাৰীত এখন আন্ত: বিদ্যালয় প্ৰাইজমানি কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। দশম শ্ৰেণী পৰ্যন্ত মুকলি থাকিবলগীয়া এই কুইজ প্ৰতিযোগিতাখন পৰিচালনা কৰিব বিশিষ্ট কুইজ পৰিচালক দীপাংকৰ কৌশিকে। আয়োজক সমিতিয়ে জনোৱা মতে, পুৱা ১০:৩০ বজাত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাত প্ৰতিখন বিদ্যালয়ৰ পৰা দুজনীয়া সদস্যৰে গঠিত সৰ্বাধিক এটা দলে অংশগ্ৰহণ কৰিব পাৰিব। এই কুইজ প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ বাবে প্ৰতিযোগী দলসমূহে কোনো ভর্তি-মাছুল দিব নালাগে।

প্ৰতিযোগিতাখনত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰা দলসমূহে ক্ৰমে ৫০০০, ৩০০০ আৰু ২০০০ টকা নগদ ধন পুৰস্কাৰ হিচাপে লাভ কৰাৰ লগতে মূল পৰ্যায়লৈ উত্তীৰ্ণ হোৱা আন দলসমূহক ৫০০ টকাৰ নগদ ধন মানপত্ৰসহ আগবঢ়োৱা হ’ব। বিভিন্ন বিষয়ৰ সাধাৰণ জ্ঞান সামৰি অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলে অহা ২৪ জানুৱাৰীৰ ভিতৰত ফোনযোগে তেওঁলোকৰ নামসমূহ পঞ্জীয়ন কৰিব লাগিব। এই বিষয়ে অধিক জানিবলৈ তথা প্ৰতিযোগী দলৰ নাম-পঞ্জীয়ন কৰিবলৈ আগ্ৰহীসকলে ৮৪৭১৮৬৭০২৪ আৰু ৯১০১২৯৬০০৮ মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব।

AssamAssamese NewsDaily time axomIndiaSarthebari