Daily Time Axom

এক হৃদয়বিদকাৰক ঘটনা, পুঠিমাৰী নদীত জাঁপ ২ সন্তানসহ মহিলাৰ

1,088

নিউজ ডেস্ক, ১৭ জানুৱাৰীঃ বাইহাটা চাৰিআলিত এক হৃদয়বিদাৰক ঘটনা। এগৰাকী মহিলাই নিজৰ দুই পুত্ৰৰ লগত নদীত জাঁপ দিয়ে। কমলপুৰ অঞ্চলৰ আঠগাঁৱৰ সমীপৰ পুঠিমাৰী নদীত সংঘটিত হৈছে এই ঘটনা।

স্থানীয় লোকে তৎপৰতাৰে উদ্ধাৰ অভিযান চলাই এজন পুত্ৰক নিৰাপদে উদ্ধাৰ কৰাৰ বিপৰীতে মাতৃ আৰু তেওঁৰ আন এজন পুত্ৰ এতিয়াও সন্ধানহীন হৈ আছে। এই চৰম পদক্ষেপ লোৱাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

ইফালে, কৰ্তৃপক্ষক ঘটনাৰ বিষয়ে অৱগত কৰাৰ পিছত নিৰুদ্দেশ হোৱা মাতৃ-পুত্ৰক সন্ধান উলিয়াবলৈ অভিযান আৰম্ভ কৰা হৈছে।

Comments are closed, but trackbacks and pingbacks are open.