ম্যানমাৰৰ গোপন শিবিৰ এৰি মূল সুঁতিলৈ KLOৰ অধ্যক্ষ জীৱন সিংহ

নিউজ ডেস্ক, ১৭ জানুৱাৰীঃ ম্যানমাৰৰ গোপন শিবিৰ এৰি মূল সুঁতিলৈ KLOৰ অধ্যক্ষ জীৱন সিংহ। মধ্যস্থতাকাৰী দিলীপ নাৰায়ণ দেৱৰ লগত ওলাই আহিছে KLOৰ কেডাৰসকল। সংগঠনৰ কেডাৰৰ দাবী-শান্তি আলোচনা প্ৰসংগত কেন্দ্ৰৰে চলিছে কথা-বাৰ্তা।

উল্লেখযোগ্য যে, ম্যানমাৰৰ ছাগাইং প্ৰদেশৰ উত্তৰ-পশ্চিম অংশৰ এটা শিবিৰত আশ্ৰয় লৈ থকা কে এল অ’ৰ মুৰব্বীগৰাকীয়ে ১৩ জানুৱাৰী বিয়লি মন জিলাৰ মাজেৰে নাগালেণ্ডত প্ৰৱেশ কৰাৰ পিছত ভাৰত-ম্যানমাৰ সীমান্তত পহৰা দিয়া আছাম ৰাইফলছৰ আগত আত্মসমৰ্পণ কৰে।

জানিব পৰা মতে, নিষিদ্ধ সংগঠনটোৰ ৯ জন সদস্যৰ সৈতে জীৱন সিংহই মন জিলাৰ লংৱাত অসম ৰাইফলছৰ মন বেটেলিয়ন’ৰ সন্মুখত আত্মসমৰ্পণ কৰে। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা মতে, কে এল অ’ৰ মুৰব্বীগৰাকীক শান্তি আলোচনাৰ বাবে নতুন দিল্লীলৈ লৈ যোৱা হৈছে।

AssamAssamese NewsDaily time axomGuwahatiIndiaKLO