Daily Time Axom

কৰিমগঞ্জৰ বদৰপুৰত ৪০ কোটি টকাৰ মূল্যৰ নিচাযুক্ত টেবলেট জব্দ আৰক্ষীৰ

39

নিউজ ডেস্ক, ১৭ জানুৱাৰীঃ ৰাজ্যত সৰ্বকালৰ সৰ্ববৃহত ড্ৰাগছ বিৰোধী অভিযান। কৰিমগঞ্জত জব্দ ৪০ কোটি টকা মূল্যৰ নিষিদ্ধ য়াবা টেবলেট। বাগাৰগুল নিচিন্তপুৰত আৰক্ষীৰ অভিযানত জব্দ ৮৮ কিলোগ্ৰাম য়াবা টেবলেট। গৃহৰক্ষী বাহিনীৰ দুজন জোৱানে খেদি খেদি গৈ এখন অল্টো বাহনৰ পৰা জব্দ কৰে বৃহত পৰিমাণৰ ড্ৰাগছখিনি।

এখন অল্ট’ বাহনেৰে সৰবৰাহ কৰাৰ সময়তে জব্দ কৰে টেবলেটখিনি। জামালুদ্দিন নামৰ এটা সৰবৰাহকাৰীক আটক আৰক্ষীৰ।সম্প্ৰতি সৰবৰাহকাৰীটোক সোধা-পোছা আৰক্ষীৰ।

Comments are closed, but trackbacks and pingbacks are open.