আজি শিল্পী দিৱস

নিউজ ডেস্ক, ১৭ জানুৱাৰীঃ আজি সুন্দৰৰ পূজাৰী জ্যোতিপ্ৰসাদ আগৰৱালৰ মৃত্যু বাৰ্ষিকী। এই উপলক্ষে ৰাজ্যজুৰি পালন কৰা হৈছে শিল্পী দিৱস।

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল ১৭ জুন, ১৯০৩ চনত ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত।

১৯৫১ চনৰ ১৭ জানুৱাৰীত মৃত্যুবৰণ কৰা জ্যোতিপ্ৰসাদ আগৰৱালা আছিল অসমীয়া প্ৰথমখন চলচ্চিত্ৰ জয়মতীৰ নিৰ্মাতা। ইয়াৰ সমান্তৰালভাৱে আগৰৱালাই গীতিকাৰ, নাট্যকাৰ, লেখক আৰু এগৰাকী স্বাধীনতা সংগ্ৰামী ৰূপে জাতীয় জীৱনক সমৃদ্ধ কৰিছিল।

অসমীয়া ভাষা-সাহিত্যৰ কবিতা, নাটক, প্ৰৱন্ধ, সমালোচনা, শিশুসাহিত্য, আদি সকলা দিশতে তেওঁৰ বৰঙণি আছে।

তেঁওৰ মৃত্যু বাৰ্ষিকীত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ অনুষ্ঠান-প্ৰতিষ্ঠানে শিল্পী দিৱসৰ মাজেৰে সংস্কৃতিৰ পূজাৰী ৰূপকোঁৱৰক সোঁৱৰণ কৰিছে।

AssamAssamese NewsDaily time axomGuwahatiIndia