নিউজ ডেস্ক, ১৭ জানুৱাৰীঃ অৱশেষত ৰাজনীতিত যোগ দিয়াৰ সন্দৰ্ভত প্ৰশ্নৰ উত্তৰ দিলে অভিনেত্ৰীগৰাকীয়ে। এটা ফেচবুক পোষ্টযোগে অভিনেত্ৰী বৰষাৰাণী বিষয়াই স্পষ্ট কৰি দিলে বিষয়টো। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে ৰাজনীতিত যোগদান কৰিব বুলি ব্যাপক চৰ্চা চলিছিল। বিভিন্ন সংবাদ মাধ্যমত এই বিষয়টোক লৈ বাতৰিও সম্প্ৰচাৰ হৈছে। কিন্তু অভিনেত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল।
এক ফেচবুক লাইভযোগে বৰষাৰাণী বিষয়াই স্পষ্ট কৰি দিলে যে ৰাতনীজিত যোগ দিয়াৰ তেওঁৰ কোনো পৰিকল্পনা নাই। ফেচবুক লাইভত অভিনেত্ৰীগৰাকীয়ে কয়, ‘‘কালিৰ পৰা এটা বাতৰি দেখি আছো, মই ৰাজনীতি কৰিম বুলি ওলাই আছে। আচলতে মই নিজেও অৱগত নহয় কেনেকৈ ওলালে এই নিউজটো। এয়া মিছা খবৰ। “