মসৃণ বগা দাড়ি। পৰিপাটি, অলপ ঢৌৱ খেলা চুলি, সংকীৰ্ণ ফ্ৰেমৰ চশমা। কেতিয়াবা পাঞ্জাবী আৰু কেতিয়াবা ব্লেজাৰ পিন্ধে। আজি দেশত, কাইলৈ বিদেশত। কিন্তু দেশৰ প্ৰধানমন্ত্ৰীৰ খাদ্য তালিকাত কি আছে? জানেনে!
যিমানেই বিদেশ ভ্ৰমণ নকৰক কিয়, খাদ্যৰ প্ৰতি তেওঁৰ পছন্দ বিশুদ্ধ দেশী খাদ্য। ইয়াত বিলাহী হালোৱাৰ পৰা আৰম্ভ কৰি দেশী ঘিউ, মগুৰ দালিৰ পৰা খিচুৰিলৈকে সকলো আছে।
পঞ্চমিশালি তৰকাৰী আৰু ৰাইটা তেওঁৰ এই তালিকাত আছে।
মোডীজী শৰীৰৰ বিষয়ে যথেষ্ট সচেতন। নিয়মিতভাৱে যোগাভ্যাস কৰে। কেৱল সেয়াই নহয়, সমগ্ৰ দেশবাসীক এই অভ্যাস কৰিবলৈ তেওঁ অনুপ্ৰাণিত কৰি আহিছে। পুষ্টিৰ প্ৰতি গুৰুত্ব দিয়ে তেওঁ। কাজু, কিচমিচ আৰু ঘিউ বিয়পাই দিয়া বসন্তী পোলাও তেওঁৰ একেবাৰেই ভাল লগা নহয়। পুষ্টিৰ ক্ষেত্ৰত তেওঁৰ প্ৰিয় হৈছে মাৰোৱাৰী পোলাওহে। সেঁকা আলু আৰু চালাড দুপৰীয়া হওক বা ৰাতি হওক, সেয়া খাদ্য ভাল পায়।
ব্ৰেকফাষ্টত মোডী জীৰ প্ৰিয় ৰাৱা মছলা ধোছা, প্ৰিয় বাহাৰী চাটনি, সাম্বাৰৰ সৈতে।
যেনে টমেটো চাটনি, নাৰিকল চাটনি, পদিনা ধনীয়াৰ চাটনি। এই দক্ষিণৰ খাদ্যৰ লগতে তেওঁ ব্ৰেকফাষ্টত চাপাতি বা পৰঠা খাবলৈও ভাল পায়। বাজৰাৰ ৰুটি আৰু বিচবেল ভাতো তেওঁ ভাল পায়।
ৰাজমাৰ চালাড, ফাইবাৰ দৈ বাৰা, বাজৰাৰ পৰা তৈয়াৰী পাপড়ী চাট, ইডলী প্ৰধানমন্ত্ৰীৰ ৰাতিৰ আহাৰ গ্ৰহণৰ তালিকাত আছে। আৰু শেষত মুখখন মিঠা কৰিবলৈ গাজৰৰ হালোৱা আৰু মহীশূৰ পাক ভাল পায়।