আলিয়া ভাটে বিবাহৰ দুমাহৰ পিছত গৰ্ভধাৰণৰ খবৰ দিছিল। তাকে দেখি ৰাখী সাৱন্তে কৈছিল যে যিদিনাই বিয়া হ’ম, সেইদিনাই মোৰ সন্তান হ’ব ৷ কিন্তু ৰাখীয়ে হঠাৎ বিয়াৰ খবৰ দিলে।
স্বামী হ’ল আদিল দুৰ্ৰাণী। কিন্তু বিয়াৰ খবৰ পোহৰলৈ অহাৰ লগে লগে ৰাখীৰ আৰু স্বামীৰ মাজত কাজিয়া আৰম্ভ হ’ল। আদিলে বিয়াখন মানি ল’ব বিচৰা নাছিল। পিছত অৱশ্যে শুনা গ’ল যে ছলমান খানৰ পৰা ফোন পোৱাৰ পিছত আদিলে নিজৰ মন সলনি কৰিলে। এই সকলোবোৰৰ মাজতে এতিয়া মায়ানগৰী ৰাখীৰ গৰ্ভধাৰণক লৈ হুলস্থুল!
ইতিমধ্যে বলীউডত ‘কনট্ৰভাৰ্চি কুইন’ নামেৰে পৰিচিত ৰাখী। এতিয়ালৈকে তেওঁক লৈ কিমান বিতৰ্ক হৈছে,নিজেও হয়তো নাজানে। আদিলক বিয়া কৰাৰ আগতে গোপনে ৰিতেশ সিং নামৰ এজন মানুহক বিয়া কৰাইছিল। কিন্তু সেই বিবাহ বেছি দিন নাথাকিল।
এইবাৰো বিয়াখন মনে মনে হৈ গ’ল। ইতিমধ্যে ইছলাম ধৰ্ম গ্ৰহণ কৰা ৰাখীয়ে ফাতিমা বুলি নাম সলনি কৰিছে। ৰাখীৰ গৰ্ভধাৰণৰ খবৰটো কিমান সঁচা বুলি সোধাত তেওঁ একো নক’লে। ৰাখীৰ বক্তব্য – “এতিয়া একো ক’ব নোখোজো। ” গতিকে, ৰাখীয়ে বিয়াৰ দৰেই গৰ্ভধাৰণৰ খবৰটোও এতিয়া ৰাজহুৱা কৰিব বিচাৰে নেকি?