ৰাহুলৰ যাত্ৰাত অভিযুক্ত কথুৱা ধৰ্ষণৰ সমৰ্থক, ক্ষোভিত হৈ দল ত্যাগ কংগ্ৰেছ নেত্ৰীৰ

কংগ্ৰেছৰ ৰেলীৰ পূৰ্বে কাশ্মীৰত ভাৰত জোড়ো যাত্ৰাত মতাদৰ্শগত কাৰণত জম্মু-কাশ্মীৰ কংগ্ৰেছৰ ৰাজ্যিক মুখপাত্ৰ দীপিকা পুষ্কৰ নাথে দল ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে।

কথুৱা দলবদ্ধ ধৰ্ষণৰ অভিযুক্তৰ সমৰ্থক লাল সিঙক কংগ্ৰেছে ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণৰ অনুমতি প্ৰদান কৰিছে। দলৰ এনে সিদ্ধান্ত মানি ল’ব নোৱাৰি দীপিকাই পদত্যাগ কৰে।

প্ৰসংগক্ৰমে পেছাত এজন অধিবক্তা কংগ্ৰেছ নেত্ৰীগৰাকীয়ে এবাৰ দলীয় ধৰ্ষণৰ বলি হোৱা পৰিয়ালৰ হৈ এটা গোচৰ চলাইছিল। বৃহস্পতিবাৰে কাশ্মীৰত প্ৰৱেশ কৰিব কাশ্মীৰত ভাৰত জোড়ো যাত্ৰাই।

AssamDaily time axomGuwahatiIndiaInternationalNew Delhipolitics
Comments (0)
Add Comment